প্ৰকৃতি সংৰক্ষণৰ লক্ষ্যৰে ছিপাঝাৰত গ্ৰহণ কৰা হৈছে এক প্ৰশংসনীয় পদক্ষেপ। ছিপাঝাৰ বাছ আস্থানত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ছিপাঝাৰ পৌৰসভাৰ সহযোগত অসম মালা পথৰ লগতে কেইবাটাও স্থানত গছপুলি ৰোপণ কৰে প্ৰকৃতি কৰ্মী গোপাল দেৱশৰ্মাই।

সেউজ আৰু সুন্দৰ প্ৰকৃতি গঢ়াৰ সপোনেৰে দীৰ্ঘদিন ধৰি গছপুলি ৰোপণ কৰি আহিছে এগৰাকী প্ৰকৃতিপ্ৰেমী। ওদালগুৰি জিলাৰ টংলাৰ গোপাল দেৱশৰ্মাই নিজৰ ব্যক্তিগত প্ৰচেষ্টাৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যতো গছপুলি ৰোপণ কৰি প্ৰকৃতি সংৰক্ষণৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।

তাৰেই অংশ হিচাপে এইবাৰ ছিপাঝাৰত অনুষ্ঠিত হয় গছপুলি ৰোপণ কাৰ্যসূচী। ছিপাঝাৰ পৌৰসভাৰ সহযোগত অসম মালা পথৰ লগতে ছিপাঝাৰ বাছ আস্থান আৰু অন্যান্য কেইবাটাও স্থানত গছপুলি ৰোপণ কৰে গোপাল দেৱশৰ্মাই।
বিশেষকৈ ছিপাঝাৰত নতুনকৈ স্থাপন কৰা পণ্ডিত দীনেশ্বৰ শৰ্মাৰ আৱক্ষ মূৰ্তিৰ চৌপাশতো গছপুলি ৰোপণ কৰা হয়। সেউজ পৰিৱেশ গঢ়ি তোলাৰ লগতে নৱপ্ৰজন্মক প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰকৃতি কৰ্মীগৰাকীয়ে।

গছপুলি ৰোপণৰ সমান্তৰালভাৱে ৰোপণ কৰা গছসমূহৰ পৰিচৰ্যা আৰু সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনোৱা হয়। কেৱল গছপুলি ৰোপণ কৰাই নহয়, সেইবোৰ ডাঙৰ কৰি তোলাৰ দায়িত্বও সকলোৰে বুলি মত প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমীসকলে।
প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত গোপাল দেৱশৰ্মাৰ এই দীৰ্ঘদিনীয়া ব্যক্তিগত প্ৰচেষ্টাই ইতিমধ্যে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিছে। ছিপাঝাৰত গ্ৰহণ কৰা এই গছপুলি ৰোপণ কাৰ্যসূচীয়েও স্থানীয় ৰাইজৰ মাজত কঢ়িয়াই আনিছে এক ইতিবাচক বাৰ্তা।
ছিপাঝাৰৰ পৰা আচলামুদ্দিন আহমেদৰ ৰিপ’ৰ্ট।
