শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত দীৰ্ঘদিন নিষ্ঠা আৰু দায়িত্বশীলতাৰে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা মকিবৰ ৰহমান ছিপাঝাৰ বিধানসভা সমষ্টিৰ ঘোঁৰাশাল গাঁৱৰ এগৰাকী সমাজহিতৈষী ব্যক্তি।
কেৱল শ্ৰেণীকোঠাৰ শিক্ষাদানতে সীমাবদ্ধ নাথাকি শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে অৱসৰী শিক্ষকগৰাকী। ছিপাঝাৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰতো আগবঢ়াই আহিছে উল্লেখযোগ্য অৱদান।

এইবাৰ তেওঁৰ এই নিৰলস শৈক্ষিক সেৱা আৰু সামাজিক দায়বদ্ধতাৰ স্বীকৃতি হিচাপে আগবঢ়োৱা হৈছে ‘শৈক্ষিক সমন্বয় বঁটা’।
আৰোহণ আৰ্টিষ্ট গীল্ডৰ ২৬সংখ্যক বাৰ্ষিক অধিবেশন উপলক্ষে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মকিবৰ ৰহমানক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।
বঁটাটি গ্ৰহণ কৰি স্বাভাৱিকতেই আনন্দ প্ৰকাশ কৰে অৱসৰী অধ্যক্ষ মকিবৰ ৰহমানে। দীৰ্ঘদিনীয়া শৈক্ষিক সেৱাৰ এই স্বীকৃতিয়ে তেওঁক আগন্তুক দিনতো সমাজ আৰু শিক্ষা ক্ষেত্ৰত অধিক উৎসাহেৰে কাম কৰি যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰিছে শুভাকাংক্ষীসকলে।

উল্লেখযোগ্য যে চৰকাৰীভাৱে শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও থমকি ৰোৱা নাই মকিবৰ ৰহমানৰ শৈক্ষিক যাত্ৰা। বৰ্তমানেও ছিপাঝাৰৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় হেপী চাইল্ড ইংলিছ স্কুলত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি আছে তেওঁ।
অৱসৰৰ পাছতো শিক্ষাৰ পোহৰ বিলোৱাৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰখা মকিবৰ ৰহমানৰ এই যাত্ৰাই প্ৰমাণ কৰে—শিক্ষকৰ অৱসৰ হ’ব পাৰে চাকৰিৰ পৰা, কিন্তু সমাজ গঢ়াৰ দায়িত্বৰ পৰা নহয়।
ছিপাঝাৰৰ পৰা আচলামুদ্দিন আহমেদৰ ৰিপ’ৰ্ট।
