শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ পৰিসৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি তুলিছে। এই বিষয়টোক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানমৰ্মে আজি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত উলিওৱা হয় এক প্ৰতিবাদী সমদল। প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড, বেনাৰ লৈ কাজিৰঙাৰ পৰিসৰ আৰু সংৰক্ষণৰ বিষয়টোক লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়ে।
এই প্ৰতিবাদী সমদলত নেতৃত্ব প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ বেদব্ৰত বৰাই। প্ৰতিবাদস্থলীত উপস্থিত হৈ বেদব্ৰত বৰাই কাজিৰঙাৰ পৰিসৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰে।

কাজিৰঙা কেৱল অসমৰেই নহয়, সমগ্ৰ দেশ তথা বিশ্বৰ এক গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী সংৰক্ষণস্থলী বুলি উল্লেখ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে ইয়াৰ পৰিৱেশ, জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা উচিত নহয় বুলি মন্তব্য কৰে।
কাজিৰঙাৰ পৰিসৰ হ্ৰাস, সীমা পৰিৱৰ্তন অথবা সংৰক্ষণৰ ক্ষেত্ৰত যিকোনো সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে ইয়াৰ পৰিৱেশগত আৰু বন্যপ্ৰাণীৰ ওপৰত পৰা সম্ভাব্য প্ৰভাৱৰ বিষয়ে চৰকাৰে গভীৰভাৱে বিবেচনা কৰা উচিত বুলিও দাবী উত্থাপন কৰে কংগ্ৰেছে।
প্ৰতিবাদী সমদলত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে কাজিৰঙাৰ স্বাৰ্থত চৰকাৰে স্পষ্ট স্থিতি গ্ৰহণ কৰাৰ দাবী জনায়। কাজিৰঙাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বিষয়টো কোনো ৰাজনৈতিক স্বাৰ্থৰ সৈতে জড়িত নকৰিবলৈও চৰকাৰৰ প্ৰতি আহ্বান জনায় প্ৰতিবাদকাৰীসকলে।
ইফালে, কাজিৰঙা সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত কংগ্ৰেছে কোনো কাৰণতে আপোচ নকৰে বুলি স্পষ্ট কৰি দিয়ে বেদব্ৰত বৰাই। কাজিৰঙাৰ পৰিসৰ আৰু সংৰক্ষণৰ বিষয়টোক লৈ চৰকাৰে গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ আন্দোলন আগন্তুক দিনতো অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে তেওঁ।
কাজিৰঙাৰ সুৰক্ষা, বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু অসমৰ প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ দাবীত আজি তেজপুৰত কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে বিশেষ চৰ্চা লাভ কৰে। এতিয়া কাজিৰঙাৰ পৰিসৰক লৈ চলি থকা বিতৰ্কৰ মাজত চৰকাৰে কি স্থিতি গ্ৰহণ কৰে, সেয়া হ’ব লক্ষ্যণীয়।
