বানৰ সুযোগ লৈ শিৱসাগৰত বাংলাদেশীৰ বেদখলঃ মানসজ্যোতিৰ হত্যাকাৰীক এনকাউণ্টাৰৰ দাবীৰে জাতীয় সংগ্ৰামী সেনাৰ সংবাদ মেল

ৰাজ্যৰ বান পৰিস্থিতিৰ সুযোগ লৈ উজনি অসমত অবৈধ বাংলাদেশীয়ে চলোৱা বেদখল আৰু শেহতীয়াকৈ খিলঞ্জীয়া যুৱক মানসজ্যোতি চেতিয়াৰ হত্যাকাণ্ডক লৈ সৰৱ হৈ পৰিছে ‘জাতীয় সংগ্ৰামী সেনা, অসম’। আজি শিৱসাগৰ প্ৰেছ ক্লাবত সংগঠনটোৰ কেন্দ্ৰীয় নেতা চিতু বৰুৱাসহ কেইবাগৰাকীও শীৰ্ষ বিষয়ববীয়াই এখন সংবাদ মেল সম্বোধন কৰি চৰকাৰ তথা প্ৰশাসনক কঠোৰ সকিয়নি প্ৰদান কৰে।

​সংবাদ মেলত সংগঠনটোৱে যোৱা ২৫ তাৰিখে খিলঞ্জীয়া যুৱক মানসজ্যোতি চেতিয়াক পৰিকল্পিতভাৱে হত্যা কৰাৰ লগত জড়িত সকলো অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰিবলৈ দাবী জনায়। ইয়াৰ সমান্তৰালকৈ নেতা চিতু বৰুৱাই শিৱসাগৰৰ বিহুৱৰৰ ৰঙাজান, ২নং ৰেলৱে কুৱেৰী আৰু গীতি চাইডিং নেপালী বস্তিত বানপানীৰ সুযোগ লৈ প্ৰায় ১৬ হাজাৰ সন্দেহযুক্ত বাংলাদেশীয়ে অবৈধভাৱে ঘৰ সাজি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

​এই সন্দেহযুক্ত লোকসকলক অতিশীঘ্ৰে উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবকো এই বিষয়ে ইতিমধ্যে অৱগত কৰা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে। চৰকাৰ আৰু প্ৰশাসনে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব আৰু প্ৰয়োজনত জাতিৰ স্বাৰ্থত সন্দেহযুক্ত বাংলাদেশীক নিজে খেদিবলৈ বাধ্য হ’ব বুলি সংবাদ মেলযোগে হুংকাৰ প্ৰদান কৰে।

শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট