পশ্চিম দৰঙৰ পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ব্লক প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট অৰ্থাৎ BPMU বিলুপ্ত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আজি উত্তাল হৈ পৰে বৃহত্তৰ পাথৰুঘাট। শ শ লোকৰ উপস্থিতিত ৰূপায়ণ কৰা হয় এক বৃহৎ গণবিক্ষোভ কাৰ্যসূচী।

পাথৰিঘাট আঞ্চলিক ছাত্ৰ সন্থা, পথৰুঘাট সমন্বয় গোষ্ঠী আৰু বড়িচৌকা বণিক সন্থাৰ উদ্যোগত তথা বৃহত্তৰ পথৰুঘাটৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত এই গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
প্ৰতিবাদকাৰীসকলে পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা BPMU ইউনিটটো আঁতৰাই ছিপাঝাৰ প্ৰাথমিক তথা সামূহিক স্বাস্থ্য কেন্দ্ৰত চামিল কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। তেওঁলোকৰ দাবী—পাথৰিঘাটৰ পৰা এই গুৰুত্বপূৰ্ণ ইউনিটটো বিলুপ্ত কৰিলে বৃহত্তৰ অঞ্চলটোৰ স্বাস্থ্য সেৱা ব্যৱস্থাত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব।

গণবিক্ষোভস্থলীত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি চৰকাৰৰ এই সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। কোনো কাৰণতে পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা BPMU ইউনিটটো বিলুপ্ত কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট হুংকাৰ দিয়ে আন্দোলনকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে কয় যে, পাথৰুঘাট অঞ্চলৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ সৈতে জড়িত এই বিষয়টো কোনো কাৰণতে অৱহেলা কৰিব নোৱাৰি। ৰাইজৰ সুবিধা আৰু অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ স্বাৰ্থত বৰ্তমানৰ ব্যৱস্থা বাহাল ৰখাৰ দাবী জনায় আন্দোলনকাৰীসকলে।
ইফালে, গণবিক্ষোভস্থলীত পাথৰিঘাট ৰাজহ চক্ৰ বিষয়া উপস্থিত হোৱাৰ পিছতে আন্দোলনকাৰীসকলে কেইবাখনো স্মাৰকপত্ৰ ৰাজহ চক্ৰ বিষয়াগৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

স্মাৰকপত্ৰৰ জৰিয়তে পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা BPMU ইউনিট বিলুপ্ত কৰাৰ সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰি পূৰ্বৰ ব্যৱস্থা বাহাল ৰখাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
এতিয়া পাথৰুঘাটৰ ৰাইজৰ এই প্ৰতিবাদ আৰু দাবীৰ প্ৰতি চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।
পাথৰিঘাটৰ পৰা কন আলী হাজৰিকাৰ ৰিপ’ৰ্ট।
