বানপানীৰ ৰহস্য ফাদিলৰ দাবী
​শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

​সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।

শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপ’ৰ্ট