কাৰ্বি আংলং জিলাৰ লাংহিনত আগন্তুক গণেশ চতুৰ্থীক লৈ ব্যাপক প্ৰস্তুতি। লাংহিন বাৰোৱাৰী পূজা মন্দিৰৰ প্ৰাংগণত অহা ১৪ চেপ্তেম্বৰৰ পৰা ১৮ চেপ্তেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব শ্ৰী শ্ৰী গণেশ পূজা। ইয়াৰ বাবে বুধবাৰে শুভ উদ্বোধন কৰা হয় পূজা উৎসৱ উদযাপন সমিতিৰ কাৰ্যালয়ৰ।

লাংহিন বাৰোৱাৰী পূজা মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া শ্ৰী শ্ৰী গণেশ পূজাৰ প্ৰস্তুতি তুংগত। পাঁচদিনীয়াকৈ আয়োজন কৰা এই পূজাৰ কাৰ্যালয়টো বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

কাৰ্যসূচী অনুসৰি মাংগলিক বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে লাংহিন আঞ্চলিক বঙালী সমাজৰ সভাপতি পিনাক পাণি দেবে। ইয়াৰ পিছতে ফিটা কাটি কাৰ্যালয় গৃহটিৰ শুভ উদ্বোধন কৰে লাংহিন পৌৰসভাৰ অধ্যক্ষ এঠেলিয়ান মুছাহাৰীয়ে।

এই শুভ ক্ষণত উপস্থিত থাকে কাৰ্বি আংলং জিলা বঙালী সমাজৰ উপ-সভাপতি নিতিশ দেব, লাংহিন আঞ্চলিক বঙালী সমাজৰ সাধাৰণ সম্পাদক পৰিমল দাস, গণেশ পূজা পৰিচালনা সমিতিৰ সভাপতি পংকজ দাস আৰু সম্পাদক সুভাষ দাসৰ লগতে সমিতিৰ বহু সদস্য-সদস্যা। আনহাতে সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে পূজা সমিতিৰ উপদেষ্টা উত্তম দত্তই।

কাৰ্বি আংলঙৰ ফুলনিৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট