দুদিনীয়া কাৰ্যসূচীৰে মেঘৰঞ্জনী মেধি শিৱসাগৰত উপস্থিত

লণ্ডনৰ ৰাজপথত নৃত্য প্ৰদৰ্শন কৰি সংগ্ৰহ কৰা ধনেৰে অসমৰ বানপীড়িতক সহায় কৰাৰ উদ্দেশ্যে মেঘৰঞ্জনী মেধিয়ে দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত উপস্থিত হৈছে। মেধিয়ে জাঁজী, ৰংঘৰ চাৰিআলি আৰু আমগুৰি অঞ্চলৰ নৃত্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈ অৱস্থাৰ বুজ লোৱাৰ লগতে তেওঁলোকক নৃত্যৰ সা-সামগ্ৰী প্ৰদান কৰে।ইয়াৰ উপৰিও, বেতবাৰীৰ বেতনিবাম আৰু নেপালী খুটীত বানাক্ৰান্তৰ বাবে প্ৰায় ১০০ টা গৃহ নিৰ্মাণ আৰু সামগ্ৰী বিতৰণ কৰিব বুলি তেওঁ অৱগত কৰে।

শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট