ছিপাঝাৰৰ দুনীত বিলাতী সুৰাৰ দোকান স্থাপনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দুনীত এখন নতুন সুৰাৰ দোকান স্থাপন কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।

সুৰাৰ দোকানখন বন্ধ কৰাৰ দাবীত দুনী আঞ্চলিক উন্নয়ন সমিতি, দুনী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে সুৰাৰ দোকানখনৰ সন্মুখত মঙলদৈ-ৰঙিয়া-অসম মালা পথ অৱৰোধ কৰি চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, জনবসতিপূৰ্ণ অঞ্চলত সুৰাৰ দোকান স্থাপন কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। অঞ্চলটোৰ সামাজিক পৰিৱেশ আৰু যুৱ সমাজৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰি শীঘ্ৰে দোকানখন বন্ধ কৰাৰ দাবী জনায় ৰাইজে।

প্ৰতিবাদস্থলীত বিভিন্ন শ্লোগান দি সুৰাৰ দোকান বন্ধ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত কিছু সময়ৰ বাবে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
ইফালে, চৰকাৰ আৰু প্ৰশাসনে বিষয়টো গুৰুত্বসহকাৰে লৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। এই দাবীৰ সমৰ্থনত দৰঙৰ অতিৰিক্ত আয়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।
এতিয়া প্ৰশাসনে ৰাইজৰ এই দাবীৰ প্ৰতি কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।
