শুৱালকুছিৰ ফুলবাৰী পাহাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।

বালি কঢ়িওৱা এখন ট্ৰেক্টৰৰ খুন্দাত নিহত হয় এগৰাকী শিপিনী।

নিহত লোকজন শুৱালকুছিৰ অমৰ বৈশ্য (৪০) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ফুলবাৰী পাহাৰত বালি কঢ়িয়াই নিয়া এখন নম্বৰ প্লেটবিহীন ট্ৰেক্টৰে খুন্দা মৰাৰ ফলত মৃত্যু ঘটে অমৰ বৈশ্য নামৰ লোকজনৰ।

ঘটনাৰ পিছতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা নম্বৰ প্লেটবিহীন ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে চালক নৱ ৰাজবংশীক আটক কৰে।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত নিহত অমৰ বৈশ্যৰ পৰিয়ালৰ লোকে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপ’ৰ্ট।।