হাজোৰ দামপুৰত চাঞ্চল্যকৰ ঘটনা। দুই সন্তানৰ পিতৃ ৰিতুল আলীয়ে একে অঞ্চলৰ দুই সন্তানৰ মাতৃ ৰেখা বেগমক পলাই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে।

হাজো থানাৰ অন্তৰ্গত দামপুৰ ২নং সাউদৰবৰীত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, যোৱা নিশা ৰেখা বেগমে চৰকাৰী গৃহ নিৰ্মাণৰ বাবে লাভ কৰা ধন আৰু স্বামী মহম্মদ আলীৰ কষ্টোপাৰ্জিত ধনসহ মুঠ প্ৰায় এক লাখ টকা লৈ ৰিতুল আলীৰ সৈতে পলাই যায়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ৰিতুল আলীৰ সৈতে ৰেখা বেগমে এবাৰ ঘৰৰ পৰা ওলাই গৈছিল বুলি জানিব পৰা গৈছে। সেই সময়ত স্বামী মহম্মদ আলীয়ে ক্ষমা কৰি তেওঁক পুনৰ ঘৰলৈ ঘূৰাই আনিছিল। কিন্তু পুনৰ একেধৰণৰ ঘটনা সংঘটিত হোৱাত এতিয়া পৰিয়ালটোত সৃষ্টি হৈছে উদ্বেগ।

ঘটনাৰ পিছতে মহম্মদ আলীয়ে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পত্নীয়ে লৈ যোৱা ধনখিনি উদ্ধাৰ কৰি ঘূৰাই দিয়াৰ লগতে সমগ্ৰ ঘটনাৰ তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত আবেদন জনাইছে।

হাজো শুৱালকুছিৰ পৰা আদিল আহমেদৰ ৰিপ’ৰ্ট।