ছিপাঝাৰ সম জিলাৰ খলিহৈত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ‘ইতিহাস থিয়েটাৰ’ৰ অস্থায়ী কাৰ্যালয় আৰু প্ৰৱেশ পত্ৰ শুভ উন্মোচন কৰা হয়।
খলিহৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ সাহায্যাৰ্থে অহা ৩ আৰু ৪ ছেপ্টেম্বৰত খলিহৈ আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ইতিহাস থিয়েটাৰৰ নাট প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। এই উপলক্ষে স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত থিয়েটাৰ দলটোৰ অস্থায়ী কাৰ্যালয় আৰু প্ৰৱেশ পত্ৰ শুভ উন্মোচন কৰা হয়।

ইতিমধ্যে ইতিহাস থিয়েটাৰৰ ‘ভিক্ষাৰী’ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পৰ আধাৰত অভিজিৎ ভট্টাচাৰ্যই ৰূপায়ণ কৰা ‘কাবুলীৱালা’ নাটকে দৰ্শকৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, যুৱ সমাজক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে অঞ্চলটোত ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে অহা ১৫ নৱেম্বৰৰ পৰা ফুটবল প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। প্ৰতিযোগিতাৰ বিজয়ী দলক ৫০ হাজাৰ টকা আৰু ট্ৰফী, আনহাতে দ্বিতীয় স্থানপ্ৰাপ্ত দলক ২০ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰা হ’ব।

ফুটবল প্ৰতিযোগিতা আৰু ইতিহাস থিয়েটাৰৰ নাট্য অনুষ্ঠান সফল কৰি তুলিবলৈ উদ্যোক্তাসকলে ক্ৰীড়াপ্ৰেমী তথা নাট্যপ্ৰেমী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
ছিপাঝাৰৰ পৰা আতিকুৰ ৰহমানৰ ৰিপ’ৰ্ট।
